Participatory Guarantee System for India (ভাৰতীয় অংশগ্ৰহণ মূলক নিশ্চিতকৰণ প্ৰণালী)

ভাৰতীয় অংশগ্ৰহণ মূলক নিশ্চিতকৰণ প্ৰণালীৰ আঞ্চলিক পৰিষদ হিচাপে অনুমোদিত প্ৰমানপত্ৰ (Authorization Certificate as Regional Council of PGS INDIA):

ভাৰতীয় অংশ গ্ৰহণ মূলক নিশ্চিত কৰণ প্ৰণালীত কৃষক হিচাপে মানি লৱলৈ প্ৰক্ৰিয়াসমূহ (Procedure of accept as PGSI farmers):

প্ৰথমে জৈৱিকভাবে খেতি কৰিবলৈ ইচ্চুক কৃষকসকলে ব্যক্তিগতভাবে অথবা আত্মসহায়ক গোট হিচাপে নিজকে সুনিশ্চিত কৰি লওক। ইয়াৰ পাছত pgsindia-ncof.gov.in নামৰ ভাৰত চৰকাৰ কৃষি মন্ত্ৰালয় অধীন প’ৰটেল খোলি Individual farmer অথবা গোটৰ ক্ষেত্ৰত Local Group হিচাপে পজ্ঞিয়ন আবেদন পূৰাওক। মন কৰিব এই ক্ষেত্ৰত Regional Council বাচনি কৰোতে UNITED ORGANIC SMALL FARMERS AND PRODUCERS ASSAM অক কৰিব। তাৰ পাছত +91- 9101765929/9954271659 সতে সম্পৰ্ক কৰিব। ইয়াৰ পাছত তলত দিয়া লিংকৰ আবেদনখন পূৰাই ডাকযোগে প্ৰেৰণ কৰক। আপোনাৰ আবেদন আহি পোৱাৰ সাতৰ পৰা পোন্ধৰ দিনৰ ভিতৰত আপোনালোকৰ সত্যতা বিভাগীয় কতৃপক্ষই আভ্যন্তৰিণ পৰীক্ষণ কৰিব। সিদ্ধান্ত অনুসৰি আপোনাৰ পজ্ঞীয়ন মানি লোৱা অথবা নাকচ কৰা হব।

আবেদন প্ৰেৰণ কৰা ঠিকণা: UNITED ORGANIC SMALL FARMERS AND PRODUCERS COOPERATIVE SOCIETY LTD. POST OFFICE – CHETIA GAON. POLICE STATION – CHABUA. DISTICT – DIBRUGARH. STATE – ASSAM. PIN NO – 786184. NATION – INDIA.

পজ্ঞীয়ণ মানি লোৱাৰ পাচত REGIONAL COUNCIL ফালৰ পৰা আপোনালৈ অথবা গোটৰ নেতৃত্বক লৈ সম্পৰ্ক কৰিব। আৰু আপোনাৰপৰা পাঁচ (৫) প্ৰকাৰৰ নঠি বিচাৰিব। এই নঠিখিনি আপোনি PGS INDIA পৰটেলৰ পৰা Login কৰি সংগ্ৰহ কৰি লৱ পাৰিব। নঠি সমুহ চিনাকি হবলৈ তলত নমুনা উল্লেখ কৰা হৈছে।

এই নঠি সমুহ যথাসম্ভৱ শুদ্ধকৈ জমা কৰিব। সকলো নঠি জমা পোৱাৰ পাছত REGIONAL COUNCIL কৰ্তৃপক্ষই আপোনাৰ পজ্ঞীয়ণ PGS INDIA WEB PORTAL অত সক্ৰীয় কৰিব।

পৰিসৰ প্ৰমানিকৰণ হেতু ঋতু অনুসৰি হিচাপ পৰীক্ষণ (Seasonal Audit for Generate Scope Certificate):

খেতি চপোৱাৰ পাচত কৃষকসকলে নিদিষ্ট ঋতুগত খেতিৰ পৰিসৰ হিচাপত উৎপাদন, খৰচ আৰু আগন্তুক ঋতুমতে শস্য কৰাৰ ওপৰত আলোচনা কৰিবলৈ গোটৰ বৈঠক বঢ়াব। উক্ত বৈঠকত নিম্মোক্ত প্ৰতিবেদন পূৰোৱাৰ লগতে PGS INDIA প’ৰ্টেলত নিজৰ গোটৰ সহকৰ্মী মূল্যায়ণ (Peer Appraisal) পূৰাই জমা কৰিব।

REGIONAL COUNCIL কৰ্তৃপক্ষই লাভ কৰা গোটৰ ঋতুগত সহকৰ্মী মূল্যায়ণ অক আভ্যন্তৰিণ পৰীক্ষণ কৰিব। উচিত বিবেচিত মূল্যায়ণক প্ৰমানিকৰণ সম্পন্নৰ বাবে Regional Council কৰ্তৃপক্ষই PGS INDIA মাধ্যমলৈ আবেদন প্ৰেৰণ কৰিব।

জৈৱিক প্ৰমাণিকৰণ প্ৰক্ৰিয়া অটুত ৰাখিবলৈ মানি চলিবলগীয়া নিয়মাৱলী (Rules of keeping alive organic certification):

বছৰৰ শেষৰ ঋতুগত কষক বৈঠকত কৃষক গোটে উপৰোক্ত লিংকত দিয়া প্ৰতিবেদন পূৰাব। আৰু UOSFPA (Regional Council) কৰ্তৃপক্ষক ক্ষেত্ৰ পৰ্যাবেষনৰ বাবে আবেদন অথবা যোগাযোগ কৰিব। বিভাগীয় কৰ্তৃপক্ষৰ ক্ষেত্ৰ পৰ্যাবেষণ কালত গোটৰ কৰ্তৃপক্ষই বছেৰেকীয়া প্ৰতিবেদন জমা কৰিব লাগিব।

কৃষকসকলে কৃষিকাৰ্যত মানি চলিব লগীয়া পদ্ধতি সমুহ নিম্নোক্ত লিংকত পাব (Standard Operating Procedure for organic farmers):

পৰীক্ষাগাৰৰ বিশ্লেষণ প্ৰতিবেদণ (Laboratory Analysis report):

Soil Analysis Procedure (মাটি পৰীক্ষণ প্ৰক্ৰিয়া):

শস্য সিচাঁৰ আগত অথবা মাটিডৰা খেতিৰ বা প্ৰকৃত উৎপাদনৰ উপযোগী কৰি তুলিবলৈ মাটি পৰীক্ষা কৰি লোৱাটো নিত্যান্ত আবশ্যক। জৈৱিক প্ৰমানিকৰণৰ বাবে National Accreditation Board for Testing and Calibration Laboratories পৰীক্ষিত প্ৰতিবেদন মানি চলা হয়। এই ক্ষেত্ৰত কৃষকৰ প্ৰত্যক্ষ পৰীক্ষণ প্ৰতিবেদন গ্ৰায্য কৰা নহয়। সেয়েহে পৰীক্ষণৰ ক্ষেত্ৰত UOSFPA ৰ হস্তক্ষেপ নিত্যান্ত আৱশ্যক।

পৰীক্ষণৰ বাবে নমুনা উপৰোক্ত চবিৰ মাধ্যমেৰে সংগ্ৰহিত কৰিব লাগিব। মাটিৰ নমুনা দুটা পৃথকে টোপোলাত সংগ্ৰহ কৰিব লাগিব। চবি মতে ছয় ইঞ্চি লৈকে এটা পাঁচ শ গ্ৰামৰ টোপোলা আৰু ছয় ইঞ্চিৰ পৰা বাৰ ইঞ্চিলৈ দ্বিতীয়টো পাঁচ শ গ্ৰামৰ টোপোলা গিৰমিট মাধ্যমেৰে সংগ্ৰহ কৰিব।

Chemical Residue Analysis Procedure (ৰাসায়নিক অৱশিষ্ট পৰীক্ষণ প্ৰক্ৰিয়া):

শস্য চপোৱা সময়ত অথবা উৎপাদিত খাদ্য জমা কৰা সময়ত শস্য বা খাদ্যত ৰাসায়নিক অবশিষ্টৰ উপস্থিতি পৰীক্ষা কৰি লোৱাটো নিত্যান্ত আবশ্যক। জৈৱিক প্ৰমানিকৰণৰ বাবে National Accreditation Board for Testing and Calibration Laboratories পৰীক্ষিত প্ৰতিবেদন মানি চলা হয়। এই ক্ষেত্ৰত কৃষকৰ প্ৰত্যক্ষ পৰীক্ষণ প্ৰতিবেদন গ্ৰায্য কৰা নহয়। সেয়েহে পৰীক্ষণৰ ক্ষেত্ৰত UOSFPA ৰ হস্তক্ষেপ নিত্যান্ত আৱশ্যক।

ৰাসায়নিক অৱশিষ্টৰ উপস্থিতি পৰীক্ষণৰ ক্ষেত্ৰত উপৰোক্ত চবি মতে নমুনা সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহৃত ক্ষেত্ৰত নমূণা সংগ্ৰহকাৰী আৰু কৃষকজনৰ সংযোগী ফটো বন্ধনৰ অত্যন্ত আৱশ্যক।

Generate Transection Certificate (লেনদেন প্ৰমানপত্ৰ সৃষ্টি কৰক):

লেনদেন প্ৰমানপত্ৰৰবাবে কিনোতাৰ সম্পূৰ্ণ প্ৰমান পত্ৰ সংগ্ৰহ কৰি কৃষকজনে PGS INDIA Portal অত গোটৰ বা কৃষকজনৰ login কৰি Actual Yield আবেদন পূৰাই জমা কৰিব। আৰু Regional Council কৰ্তৃপক্ষ সতে সংযোগ কৰিব।

সংগঠণৰ অত্যাৱশ্যকীয় সহযোগী নথি (Collaborate documents of UOSFPA):

কৃষকজনে UOSFPA ৰ সতে সক্ৰীয়ভাবে সহযোগ তথা সুবিধা আদায় কৰিবলৈ উপৰোক্ত লিংকত দিয়া নমুণা নটাৰী শপতনামা প্ৰস্তুত কৰি UOSFPA লৈ ডাকযোগে প্ৰেৰণ কৰক।

আবেদন প্ৰেৰণ কৰা ঠিকণা: UNITED ORGANIC SMALL FARMERS AND PRODUCERS COOPERATIVE SOCIETY LTD. POST OFFICE – CHETIA GAON. POLICE STATION – CHABUA. DISTICT – DIBRUGARH. STATE – ASSAM. PIN NO – 786184. NATION – INDIA.

প্ৰশিক্ষণৰ কায্যসূচী (Training Program):

জৈৱিক কৃষি প্ৰমানিকৰণ মাধ্যমেৰে জৈৱিক কৃষি সম্পৰ্কীয় সকলো ধৰনৰ প্ৰশিক্ষণ আৰু কৰ্মশালা মান্যতা জৈৱিক কৃষি সংলগ্ন স্বাৰ্থনেসী সংস্থা আৰু প্ৰমানিকৰণৰ বিভাগীয় কৰ্তৃপক্ষৰ প্ৰত্যক্ষ সহযোগৰ মাধ্যমেৰে কৰাটো বাঞ্চনীয়। সেয়েহে UOSFPA ৰ মান্যতাৰ মাধ্যমেৰে পাবলগা প্ৰমানিকৰণ, খাদ্য প্ৰক্ৰীয়াকৰণ আৰু বজাৰ সংলগ্ন সকলো প্ৰশিক্ষণ আৰু কৰ্মশালা UOSFPA ৰ প্ৰত্যক্ষ সহযোগ কিম্বা হস্তক্ষেপ নিত্যান্ত আৱশ্যক হব।

For Traceability Of Certified Products the consumer and register farmer may search pgsindia-ncof.gov.in (গ্ৰাহকসকলে খৰিডাৰ কৰা আৰু পজ্ঞীকৃত কৃষকসকলে বিক্ৰী কৰা জৈৱিক শস্য-খাদ্য বিশ্বাসযোগ্যতা প্ৰমাণ কৰিবলৈ pgsindia-ncof.gov.in অত সন্ধান কৰি চাওক):

গ্ৰাহকসকলে লক্ষ্য কৰিবলগীয়া মূখ্য বিষয় হৈছে উৎপাদকসকলে প্ৰচাৰ কৰা মান্যতা কিমানদুৰ সত্য। খৰিডাৰি শস্য বা খাদ্যত উল্লেখিত প্ৰমানিকৰণ নম্বৰ আৰু উল্লেখিত ল’গ’ (Logo) আৰু বৰ্ণন সঠিকনে? উপৰোক্ত দুই Logo অৰ PGS-INDIA GREEN অৰ মান্যতা জৈৱিক কৃষিলৈ ৰূপান্তৰ কৰি থকা বুজায় আনহাটে PGS-INDIA ORGANIC এ সম্পূৰ্ণৰূপে জৈৱিক কৃষিলৈ ৰূপান্তৰ হোৱাটো বুজায়।

CAMPAIN PROGRAM (কাৰ্যকৰী কৰ্মশালা)

সংগঠণৰ আভ্যন্তৰিণ নথি পত্ৰ (Internal document of UOSFPA):